TOP NEWS

6/recent/ticker-posts

Header Ads Widget

উপ-ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিলে লোকমন্থন-২০২২

মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ‘এটা সপোনৰ সন্ধানত’ শীৰ্ষক গ্ৰন্থৰ ইংৰাজী অনুবাদ উন্মোচন কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন প্ৰজ্ঞা প্ৰবাহৰ ‘লোকমন্থন’ শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ লোক-পৰম্পৰাক মুখ্য বিষয় হিচাপে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ [আই এফ এন ই]ৰ উদ্যোগত অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত লোকমন্থন-২০২২ অনুষ্ঠিত হৈছে৷ এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদসমূহৰ অম্বেষণত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমবাসীৰ বাবে আজিৰ দিনটো অতিশয় উল্লেখযোগ্য দিন৷ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতবৰ্ষৰ গৌৰৱময় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁ গভীৰভাৱে শ্ৰদ্ধাশীল৷ তেওঁ কয় যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা শিপাই থকা লোকমন্থনৰ তৃতীয় সংস্কৰণ অসমত আয়োজন কৰাটো ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয়৷ গুৱাহাটী সংস্কৰণত ভাৰতৰ লোক-পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মঞ্চত হ’বলগীয়া আলোচনাই উত্তৰ-পূব আৰু দেশৰ চহকী সংস্কৃতি, পৰম্পৰা, জীৱনশৈলীৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিব৷ ইয়াৰ ফলত আমাৰ সাংস্কৃতিক জীৱন অধিক উজ্জীৱিত হৈ উঠিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা যোৱা কেইবাটাও দশক ধৰি ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ হিচাপে গণ্য কৰি অহা হৈছিল৷ সেই চিন্তা সেই সময়ৰ ভাৰতৰ শিক্ষিত সমাজ, সংবাদ মাধ্যম আৰু বৌদ্ধিক শ্ৰেণীয়েও সমৰ্থন কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ এই গৌৰৱময় ভূমিয়ে পৃথিৱীৰ অন্যতম পুৰণি সভ্যতাকে প্ৰতিফলিত কৰে৷ ভাৰতীয় পৰিচয়বোধ ঊনবিংশ শতিকাৰ পৰিঘটনা নহয়৷ ভাৰতবৰ্ষত বিগত কেইবাটাও সহস্ৰাব্দৰ এক সভ্যতাৰ ধাৰাবাহিকতা আৰু ঐতিহ্য আছে৷ তেওঁ লগতে কয় যে ইউৰোপীয় ঔপনিবেশিক শক্তিসমূহে কেৰিবিয়ান দ্বীপপুঞ্জ, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি ঠাই আৰু মহাদেশসমূহৰ প্ৰচলিত ধৰ্মসমূহক সম্পূৰ্ণৰূপে নিঃশেষ কৰি তেওঁলোকৰ নিজস্ব আদিবাসী সংস্কৃতিক সংখ্যালঘুলৈ ৰূপান্তৰিত কৰিছিল৷ কিন্তু ভাৰতৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাচীন বিশ্বাস আৰু পৰম্পৰা ধবংস কৰাত সফল নহ’ল৷ সনাতন সভ্যতাৰ অন্তৰ্নিহিত শক্তিৰ বাবে ইউৰোপীয় শক্তিৰ সন্মুখত আমাৰ সভ্যতা অপৰাজেয় হৈ থাকিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ বৈচিত্ৰ্য্যতাৰ মাজতো ভাৰত ঐক্যবদ্ধ হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ভূখণ্ডৰ অখণ্ডতা আৰু সাংস্কৃতিক ঐক্য আমাৰ দেশৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য্য৷ এক ঐক্যবদ্ধ দেশ হিচাপে ভাৰতৰ যাত্ৰা কেইবা হাজাৰ বছৰ পুৰণি৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু অৰুণাচল প্ৰদেশৰ পৰা গুজৰাতলৈ প্ৰাচীন শাস্ত্ৰত এই দেশখনক জম্বুদ্বীপ আৰু ভাৰতবৰ্ষ বুলি উল্লেখ কৰা হৈছিল৷ জম্বুদ্বীপ নামটোৱে ভৌগোলিক অঞ্চলটোক বুজাইছিল আৰু ইয়াৰ বিপৰীতে ভাৰত নামটোত ৰাজনৈতিক ধাৰণা নিহিত হৈ আছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য্য হৈছে ই দেশখনক কেৱল এক ৰাজনৈতিক সত্ত্বা হিচাপে গণ্য নকৰে৷ আমাৰ বাবে আমাৰ দেশ মাতৃ সদৃশ৷ এগৰাকী স্পন্দনশীল দেৱী যাৰ প্ৰতিটো ভৌগোলিক ৰূপ, প্ৰাকৃতিক দৃশ্য, নদী, পাহাৰে ভাৰতীয় শাস্ত্ৰৰ শ্লোক আৰু স্তৱকত স্থান লাভ কৰিছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিষ্ণুপুৰাণত উল্লেখ থকা নদ-নদী, পৰ্বতৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে ভাৰতৰ প্ৰতিটো ভৌগোলিক ৰূপত ভগৱানৰ সন্ধান কৰে৷ সেইবাবে অনাদি কালৰে পৰা তীৰ্থযাত্ৰাৰ পৰম্পৰা ভাৰতীয়সকলৰ এক বিশেষ বৈশিষ্ট্য্য বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ভাৰতৰ পাহাৰ, হ্ৰদ, নদী আদিৰ প্ৰায় প্ৰতিটো ভৌগোলিক ৰূপ ভাৰতীয় তীৰ্থযাত্ৰাৰ উৎস৷ ভাৰতৰ জনসাধাৰণৰ মাজত সোমাই থকা এই ভৌগোলিক স্বকীয়তাই ভাৰতীয়সকলৰ মাজত এক সাংস্কৃতিক ঐক্যৰ জন্ম দিছিল আৰু তেওঁলোকৰ মাজত বৈচিত্ৰ্য্যতাক জীয়াই ৰাখিছে৷ এয়াই ভাৰতৰ ধাৰণা বুলি উল্লেখ কৰি তেওঁ কয় যে এই ধাৰণাৰ বাবে ভাৰতীয়সকলে নিজকে এক জীৱন্ত সভ্যতাৰ নাগৰিক হিচাপে গৌৰৱ কৰে৷ এই সভ্যতাৰ ধাৰা জনসাধাৰণৰ প্ৰাৰ্থনা আৰু পৰম্পৰাৰ মাজেৰে অনাদি কালৰে পৰা বৈ অহা এক সোঁত বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমক ভাৰতীয় সংস্কৃতিৰ সৈতে সংযোগ সাধন কৰিছিল৷ পঞ্চদশ শতিকাত বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ ভাৰতীয় সংস্কৃতিৰ সংস্পৰ্শলৈ আহে আৰু একতাৰ বান্ধোনেৰে সমগ্ৰ অঞ্চলটোক একত্ৰিত কৰিব বিচাৰিছিল৷ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সৃষ্টি কাৰ্যত বাৰে বাৰে ভাৰতক প্ৰশংসা কৰি আহিছে৷ ভাৰতীয় সংস্কৃতিৰ মাজত শংকৰদেৱে নিজৰ মাতৃভূমিৰ কলা-সংস্কৃতিৰ প্ৰতিফলন আৰু প্ৰতিধবনি দেখিবলৈ পাইছিল৷ পুৰণি অসমীয়া কবিসকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ভাৰতক অসমৰ লগত সংযুক্ত কৰিছিল বুলি তেওঁ কয়৷ আমাৰ মহান জাতিৰ প্ৰাচীন নীতি-নিয়মৰ পৰা উদ্ভৱ হোৱা শক্তিৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ পুনৰ নিৰ্মাণৰ বাবে এক আন্দোলনৰ নেতৃত্ব দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আন্দোলনে আমাৰ দেশৰ প্ত হাজাৰ বছৰ পুৰণি সংস্কৃতি আৰু সভ্যতাৰ পুনৰুত্থানত এক নতুন মাত্ৰা সংযোজন কৰিছে৷ এই আন্দোলন হৈছে কোটি কোটি ভাৰতীয়ৰ সপোন সাৰ্থক কৰাৰ এক প্ৰয়াস৷ বিশ্বৰ পৰিৱেশত ভাৰতৰ এক শক্তিশালী প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰা আৰু বিশ্বগুৰু হিচাপে দেশৰ উত্থানৰ বাবে এই আন্দোলন বুলি তেওঁ কয়৷ উত্তৰ-পূবৰ সংস্কৃতি আৰু পৰম্পৰাই প্ৰাচীন কালৰে পৰা মহান ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব ভাৰত প্ৰাকৃতিকভাৱে সুশোভিত৷ প্ৰকৃতি, বন্যপ্ৰাণী, বৈচিত্ৰ্য্যময় জীৱকূলে ইয়াক বিশ্বৰ অন্যতম বৈচিত্ৰ্য্যময় অঞ্চল হিচাপে গঢ়ি তুলিছে৷ এই অঞ্চলত সুকীয়া সংস্কৃতি, ভাষা, পৰম্পৰা, ঐতিহ্য, খাদ্যভাস¸ আৰু জীৱনশৈলীৰে অসংখ্য জনগোষ্ঠীয়ে বসবাস কৰি আহিছে৷ সেইবাবে এই অঞ্চলটো স্পন্দনশীল আৰু বৰ্ণিল৷ এই কথা উল্লেখ কৰি তেওঁ কয় যে এই অঞ্চলৰ জনসাধাৰণে বেলেগ বেলেগ ৰীতি-নীতি, পৰম্পৰা আৰু বিশ্বাস পালন কৰে যদিও সকলোৰে উমৈহতীয়া পৰিচয় হৈছে ভাৰতীয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ এক চহকী লোক পৰম্পৰা আছে, য’ত লোককলা, শিল্পকলা, সাজ-পোছাক, ৰীতি-নীতি, বিশ্বাস, পৰম্পৰাগত চিকিৎসা পদ্ধতি, ৰন্ধন প্ৰণালী, সংগীত, নৃত্য, খেলা-ধূলাৰ লগতে মৌখিক প্ৰকাশভংগীও আছে যাৰ মাজত লোক-সাহিত্য বিৰাজমান৷ অঞ্চলটোৰ সংগীত, নৃত্য আৰু নাটকৰ গাঁথনিগত আৰু তুলনামূলক অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত সংস্কৃতিৰ আকৰ্ষণীয় দিশটোকে প্ৰতীয়মান কৰে৷ অঞ্চলটোত বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ লোকসংস্কৃতি অতি চহকী আৰু সজীৱ৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসমৰ জনসাধাৰণৰ মাজত লোক ঐতিহ্যৰ সম্পৰ্কত এক নব্য চেতনা গঢ়ি উঠিছে৷ সূৰ্য কুমাৰ ভূঞা, বিৰিঞ্চি কুমাৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে অগ্ৰগামী ব্যক্তিসকলৰ দূৰদৰ্শিতা আৰু নিষ্ঠাৱান প্ৰচেষ্টাৰ বাবে আমাৰ অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত লোক-সংস্কৃতিৰ অধ্যয়নে স্থান লাভ কৰিছে৷ ৰাজ্যৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি প্ৰাচীন প্ৰজ্ঞাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ৰাজ্য চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ, প্ৰসাৰ সাধন কৰিব পৰাকৈ এটা বিভাগ সৃষ্টি কৰিছে বুলি কয়৷ তেওঁ কয় যে আমাৰ অঞ্চলটো লোক-সংস্কৃতিৰ ভঁৰাল৷ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিলে এই দিশত আৰু বহুতো তথ্য লাভ কৰা যাব৷ ইয়ে কেৱল লোক-পৰম্পৰা ৰক্ষা কৰাই নহয়, জনগোষ্ঠীসমূহৰ ঐতিহ্য, পৰিচয় আৰু অস্তিত্ব ৰক্ষাতো সহায়ক হৈ উঠিব৷ লোকমন্থনৰ আলোচনাই ভৱিষ্যতৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত সহায়ক হৈ উঠিব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দ্বাৰা ৰচিত ‘এটা সপোনৰ সন্ধানত’ শীৰ্ষক গ্ৰন্থৰ ইংৰাজী অনুবাদ গ্ৰন্থ ‘In Pursuit of ট্ট Dream’খন উপ-ৰাষ্ট্ৰপতিয়ে উন্মোচন কৰে৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ গ্ৰন্থখন উন্মোচন কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ৩ায়ক প্ৰজ্ঞা প্ৰভা জে নন্দ কুমাৰ, লোকমন্থন ২০২২ ৰ কাৰ্যকৰী সভাপতি ড॰ গাৰ্গী শইকীয়া মহন্ত আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

Post a Comment

0 Comments