ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১ আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত লখিমপুৰ জিলাটো যথেষ্ঠ তৎপৰতাৰে জাতীয় পতাকা নিৰ্মাণ কৰি বিক্ৰীৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ মুঠ ৯ টা উন্নয়ণ খণ্ডতে ৩৪ টা মণ্ডল পৰ্য্যায়ৰ সংগঠণ সমুহৰ নেতৃত্বত মুঠ ১,৩৬,০০০ খন নিৰ্মানৰ লক্ষ্যৰে আত্মসহায়ক গোটৰ সদস্যাসকল ব্যস্ত হৈ পৰিছে। বৰ্তমানলৈকে জিলাখনৰ ৮৩ টা বিক্ৰীকেন্দ্ৰৰ যোগেদি ৩০ টকা আৰু ৫০ টকা দৰত মুঠ ৯৭৮২৫ খন পতাকা বিক্ৰী কৰাৰ ওপৰিও জনসচেতনটাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বিভিন্ন দেশপ্ৰেমমুলক পতাকা ৰেলী, বাটৰ নাট প্ৰৰ্দশন লগতে চিত্ৰাংকন প্ৰতিযোগিতা আদিৰো কাৰ্য্যসূচী হাতত লৈছে। লগতে জিলাখনৰ মুঠ ৮১ টা গাওঁ পঞ্চায়ততে গাঁৱে গাঁৱে একোখনকৈ সজাগতা সভা পাতি প্ৰতিখন ঘৰতে যাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিশ্চিতভাৱে জাতীয় পতাকা উত্তোলন কৰে তাৰ বাবে সচেতনতা সৃষ্টি কৰিছে। উল্লেখ্য যে, জিলাখনৰ প্ৰতিঘৰ গ্ৰামীণ জনতাৰ চাহিদা পূৰণ হোৱাকৈ অহা ৫ আগষ্টৰ ভিতৰত পতাকা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বুলি জিলা অভিযান পৰিচালিকা ড° দিপিকা পেগুৱে জানিবলৈ দিছে। আনহাতে পতাকা নিৰ্মাণৰ যোগেদি জিলাখনৰ প্ৰায় ২০ গৰাকী আত্মসহায়ক গোটৰ মহিলা আৰ্থিকভাৱে লাভাম্বিত হৈছে।
0 Comments