ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,৩ আগষ্ট: অসমৰ লব্ধ প্ৰতিস্থ সাহিত্যিক, প্ৰবীন মুক্তি যুদ্ধা যতিন গোস্বামীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। এক শোক বাৰ্তাত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই বিশিষ্ট সাহিত্যিক, প্ৰবীন মুক্তি যুজাঁৰু যতিন গোস্বামীৰ পৰলোকপ্ৰাপ্তি সামাজিক , জাতীয় জীৱন তথা অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি হ'ল বুলি অভিহীত কৰিছে। ইফালে আন এক শোক বাৰ্তাত সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি, হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া, প্ৰচাৰ সম্পাদক ভৱানন্দ্ৰ ৰাজখোৱা, উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক সমিতিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তই-"বিশিষ্ট সাহিত্যিক, মুক্তিযুদ্ধা গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।
0 Comments