TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নগাঁও আৰু মৰিগাঁও জিলাৰ বান সাহায্য শিৱিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২৩ জুন: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও আৰু মৰিগাঁও জিলাৰ বান পৰিস্থিতি প্ৰত্যক্ষভাৱে বুজ লোৱাৰ উদ্দেশ্যৰে জিলা দুখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা নগাঁও জিলাৰ চাপৰমুখ আৰু কামপুৰলৈ ৰেলযোগে যাত্ৰা কৰি অঞ্চল দুটাৰ বানপৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে আৰু সেই অঞ্চলসমূহৰ বান প্ৰভাৱিত লোকসকলৰ অৱস্থাৰ বুজ লয়৷ ৰেলযোগে চাপৰমুখ পোৱাৰ পিছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই চাপৰমুখ ৰেল ষ্টেচনত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ সৈতে মত-বিনিময় কৰে আৰু জিলা প্ৰশাসনে তেওঁলোকক প্ৰদান কৰা সাহায্য সামগ্ৰীৰ গুণমান তথা পৰিমাণৰ বুজ লয়৷ বানাক্ৰান্তই যাতে পৰ্যাপ্ত পৰিমাণে সাহায্য সামগ্ৰী আৰু অন্যান্য সা-সুবিধা যথাসম্ভৱ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷ বানাক্ৰান্তৰ সৈতে মত-বিনিময়ৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে অঞ্চলটোত যিবোৰ কাৰকৰ বাবে বানপানীৰ সৃষ্টি হৈছে তাৰ স্থায়ী সমাধানসূত্ৰ নিদ্ধৰ্াৰণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে আজি কমলপুৰ আদৰ্শ উচ্ছ মাধ্যমিক বিদ্যালয়, কামপুৰ মহাবিদ্যালয়, কামপুৰ উচ্ছ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, ৰহা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত সাহায্য শিৱিৰৰ উপৰি নগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহো পৰিদৰ্শন কৰে৷ নগাঁৱৰ বানপ্লাৱিত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত পথযোগে গুৱাহাটীমুখী ওভতনি যাত্ৰাত মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাৰ নেলীত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপিত অস্থায়ী সাহায্য শিৱিৰ পৰিদৰ্শন কৰি এই শিৱিৰসমূহত আশ্ৰয় গ্ৰহণ কৰা লোকসকলৰ সৈতেও মত-বিনিময় কৰে৷
এই আশ্ৰয় শিৱিৰসমূহত থকা আৱাসীসকলৰ লগতে বিভিন্ন কাৰণত নিজ গৃহতে আবদ্ধ হৈ থাকিব লগা হোৱা বানাক্ৰান্তসকলে যাতে সময় মতে সাহায্য সামগ্ৰী লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷ আশ্ৰয় শিৱিৰসমূহত যাতে সকলো সময়তে চিকিৎসা সেৱা উপলব্ধ হৈ থাকেসেয়া সুনিশ্চিত কৰিবলৈ তেওঁ নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷ আশ্ৰয় শিৱিৰসমূহত যথেষ্ট সংখ্যক গৰ্ভৱতী নতুবা শিশুক দুগ্ধপান কৰোৱা মহিলা থকাৰ পৰিপ্ৰেক্ষিতত শিশু খাদ্যকে ধৰি পুষ্টিদায়ক খাদ্য পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে বানপ্ৰভাৱিত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে অলপতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বান সাহায্য প্ৰদান ব্যৱস্থাত যাতে কোনো ত্ৰুটী নাথাকে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছিল৷ নগাঁও জিলাত প্ৰবল বানে বিভিন্ন অংশ জলমগ্ন কৰি ৰখাৰ লগতে পথ যোগাযোগ ব্যৱস্থা প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি এঘণ্টাৰো অধিক সময় ধৰি নাৱেৰে তেনে বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীৰ আজি বান প্ৰভাৱিত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ সময়ত বিধায়ক জিতু গোস্বামী, শশীকান্ত দাস, ৰূপক শৰ্মা উপস্থিত থাকে৷

Post a Comment

0 Comments