TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটা জিলাৰ ৭ লক্ষাধিকক কোভিড প্ৰতিষেধক : ৰাজ্য চৰকাৰৰ এশ দিন পূৰ্তি উপলক্ষে জিলা প্ৰশাসনৰ নাগৰিক সভা

 


বৰপেটা, ২১ আগষ্ট : মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথম এশ দিনীয়া কাৰ্যকালে বহু সম্ভাৱনা, আশা আৰু উৎসাহৰ বাতাবৰণ কঢ়িয়াই আনিছে। চৰকাৰৰ এশ দিন সম্পূৰ্ণ হোৱা উপলক্ষে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কালি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন নাগৰিক তথা সাংবাদিক মেলত বৰপেটা জিলাৰ বিশিষ্ট নাগৰিক সকলে এইদৰে মত প্ৰকাশ কৰে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত "অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন" শীৰ্ষক বৈঠকখনত অংশলৈ বৰপেটাৰ বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ‌, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা গৱেষক ড: বাবুল চন্দ্ৰ দাস, জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিঞ্জু দত্ত, অধ্যাপক দল পাঠক, প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ দাস, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস প্ৰমুখ্যে কেবাগৰাকী বক্তাই এইদৰে মতপোষণ কৰে। আলোচনাত  ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানকে ধৰি চৰকাৰখনে গ্ৰহণ কৰা কেবাটাও পদক্ষেপৰ বিশেষ শলাগ লয় আৰু অধিক গতিশীলতাৰে আগন্তুক দিনবোৰতো কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। অৱশ্যে অক্ষয় মিশ্ৰ‌ই চৰকাৰখনৰ কিছুমান ভুল-ক্ৰতিও অঙুলিয়াই দি তাৰ সংশোধনৰ আহ্বান জনায়। তেওঁ কয়, আমি চৰকাৰখন বা মুখ্যমন্ত্ৰী মহোদয়ৰ ভাৱমূৰ্তি বিনষ্ট হোৱাটো নিবিচাৰো।' অনুষ্ঠানৰ আৰম্ভণিতে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে নৱ গঠিত চৰকাৰখনে যোৱা ১০০ দিনত গ্ৰহণ কৰা ১৫ টা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেখেতে চৰকাৰে এইবাৰ অৰ্থনৈতিক কাম-কাজ বন্ধ নকৰাকৈয়ে অৰ্ধ লকডাউনৰ জৰিয়তে সময় সাপেক্ষ সঠিক ৰণনীতি প্ৰস্তুত কৰি কৰোনা মহামাৰী জনিত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে জনায় যে, বৰপেটা জিলাত এতিয়ালৈকে ৭,০৩৩০৩ জনক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৫,৬১,৯৯৭ জনে প্ৰথম পালি আৰু ১,৪১,৩৫০ জনে দ্বিতীয় পালি টীকা লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ কোভিড বিধবা সাহায্য আচনি, মুখ্যমন্ত্ৰী শিশু সেৱা আচঁনি আৰু প্ৰাৰ্থনা আঁচনিৰ বিষয়েও তেওঁ উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে আৰু জনোৱা মতে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৰপেটা জিলাত ৫৬ জন লোক আটক হৈছে আৰু ৩৮৬ গ্ৰাম ব্ৰাউন ছুগাৰ সহ অন্যান্য নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, অতিৰিক্ত উপায়ুক্ত লাচিত দাস, লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি বৰপেটা জিলাৰ ভালেসংখ্যক বিশিষ্ট নাগৰিক আৰু সাংবাদিক উপস্থিত থাকে।

Post a Comment

0 Comments