TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ

 


দিছপুৰ, ২৬ জুলাই ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ দীঘলীপুখুৰী পাৰত থকা যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে আৰু অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা ভাৰতবৰ্ষৰ ভূমি পুনৰুদ্ধাৰ কৰা তথা দেশৰ সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

                উল্লেখ্য যে কাৰ্গিল বিজয় দিৱস হৈছে ১৯৯৯ চনৰ 8 মে আৰম্ভ হোৱা আৰু ২৬ জুলাইত সমাপ্ত হোৱা এক সুনিদ্ধৰ্াৰিত অভিযানৰ সফল সমাপ্তি৷ এই দিনটোতে ভাৰতীয় সেনাই কাৰ্গিলকে ধৰি জন্মু-কাশ্মীৰৰ অন্যান্য সকলো অধিকৃত অঞ্চলৰ পৰা শত্ৰুপক্ষ আৰু অনুপ্ৰৱেশকাৰীসকলক সম্পূৰ্ণৰূপে বিতাৰিত কৰাৰ কথা ঘোষণা কৰিছিল৷ এই যুদ্ধত ভাৰতীয় নিৰাপত্তা বাহিনীৰ সৰ্বমুঠ ৬৭৪ গৰাকী যোদ্ধা শ্বহীদ হৈছিল৷ তাৰ ভিতৰত অসমৰ কেপ্টেইন জিণ্টু গগৈ, উদ্ধৱ দাস আৰু নন্দ চান্দ সিনহাই মাতৃভূমিৰ বাবে জীৱন বলিদান দিছিল৷

                অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কাৰ্গিল বিজয় দিৱস উপলক্ষে ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে দেশৰ শত্ৰুসকলৰ বিৰুদ্ধে যুঁজ দি শ্বহীদবৰণ কৰা বীৰ যোদ্ধাসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জন্মু-কাশ্মীৰৰ সুউচ্ছ শিখৰৰ ভূমি পুনৰুদ্ধাৰ আৰু সুৰক্ষিতকৰণৰ বাবে দেশৰ সশস্ত্ৰ বাহিনীয়ে প্ৰৰ্দশন কৰা অসীম বীৰত্ব আৰু সৰ্বোচ্ছ ত্যাগৰ প্ৰতীক হিচাপে উদযাপিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

                মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলোধৰণৰ পদক্ষেপ গ্ৰহণৰ বাবে অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ প্ৰাক্তন সৈনিকসকলৰ কল্যাণো ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে অৱসৰপ্ৰাপ্ত জোৱানসকলৰ কল্যাণৰ বাবে অধিক আঁচনি গ্ৰহণ কৰিব৷

                মুখ্যমন্ত্ৰীয়ে কেপ্টেইন জিণ্টু গগৈৰ পিতৃ-মাতৃ টি আৰ গগৈ আৰু দুলু গগৈৰ সৈতেও মত বিনিময় কৰে৷  মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰয়াত জিণ্টু গগৈৰ সৰ্বোচ্ছ ত্যাগৰ পৰা অসমৰ মানুহে আজিও অনুপ্ৰেৰণা লাভ কৰি আহিছে৷ তেওঁ লগতে কয় যে যুৱ প্ৰজন্মৰ মনত ৰাষ্ট্ৰীয় সেৱাৰ ভাৱনা জাগ্ৰত কৰাৰ বাবে তেওঁৰ চৰকাৰে ৰাজ্যখনত আৰু চাৰিখন সৈনিক বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে৷

                অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যুদ্ধ স্মাৰক চৌহদৰ ভিতৰত নিৰ্মিত এক সংগ্ৰহালয় উদ্বোধন কৰে আৰু ৰাইজৰ সেৱাত উৎসৰ্গা কৰে৷

                আজিৰ এই অনুষ্ঠানত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া লেফটেনে জেনেৰেল পি কে ভৰালী, ৫১ চাব-এৰিয়াৰ  জি চি মেজৰ জেনেৰেল বিকাশ চাইনি, ২১ মাউণ্টেইন  ডিভিজনৰ ডেপুটী জিঅচি টিপিএছ কনচেল,  ১৯ উইং, বৰঝাৰৰ কমাণ্ডিং এয়াৰ অফিচাৰ অতুল সাগৰ; সৈনিক কল্যাণ সঞ্চালকালয়, অসমৰ সঞ্চালক এন ডি যোশীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল৷

Post a Comment

0 Comments