TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বজালীত পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰা

 


বজালী, ২৪ জুন: বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰো দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই আজি বজালী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি বজালীৰ ঐতিহ্যক স্মৰণ কৰি শিক্ষা -দীক্ষা , সাহিত্য , সংস্কৃতি সকলোতে আগবঢ়া বজালীৰ অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ বৰঙণি থকাৰ কথা অকপটে স্বীকাৰ কৰি কয় যে বজালী জিলাক যথাসম্ভৱ ক্ষীপ্ৰতাৰে পূৰ্ণ পৰ্যায়ৰ জিলা ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওৰ লগতে চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব ' টিম বজালী" মানসিকতাৰে কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হৈ বজালীত কৰিব লগা কামৰ গতি ত্বৰান্বিত কৰি তোলাত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি অভিভাৱক মন্ৰী বৰাই এই কথাও কয় যে বজালীক নব্য ৰূপত সাজু কৰি তোলাৰ দিশত ইয়াত পূৰ্ণ সম্ভাৱনা আছে নৱগঠিত জিলা হিচাপে ইয়াৰ বিষয়া সকলৰ ওপৰত জনসাধাৰণৰ বহুত প্ৰত্যাশা থাকিব আৰু বিষয়া সকলে ৰাইজৰ সেই আশা পূৰ কৰিবলৈ যত্নপৰ হব লাগিব বজালী জিলাত থকা প্ৰায়বোৰ কাৰ্যালয়(বেছি সংখ্যক মহকুমা পৰ্যায়ৰ ) বিভাগীয় মূৰব্বীৰ উপস্হিতিত অনুষ্ঠিত পৰ্যালোচনা সভাত বিভাগ সমূহৰ সাম্প্ৰতিক স্হিতিৰ খতিয়ান লৈ প্ৰসঙ্গ ক্ৰমে মন্ত্ৰী বৰাই কয় যে অসমৰ শক্তি খণ্ডত নৱোন্মেষৰ সূচনা কৰিব লাগিব আৰু পৰিৱৰ্তনমুখী এই যাত্ৰাত বজালী জিলাইও লব লাগিব সক্ৰিয় ভূমিকা অকত্তৃত্বশীল ভাৱে বিদ্যুত সংযোগ আৰু বিদ্যুত চুৰি কৰিলে থানাত গোচৰ তৰাৰ বাবে শক্তি বিভাগৰ বিষয়াক বৰাই আহ্বান জনায় মন্ৰী বৰাই সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ , জনস্বাস্হ্য, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ কৰ্ম তৎপৰতাৰ শলাগ লৈ গভীৰ প্ৰত্যাশাৰে কয় যে দাসৰ নেতৃত্বত এইবেলি বজালীত নব্য ৰূপত উন্নয়ণৰ সূৰ্যোদয় হব পৰ্যালোচনা সভাত অংশ লৈ মন্ৰী ৰণজিৎ দাসে কয় যে বজালীয়ে অসমক বহুত দিছে ; কিন্ত্ত তাৰ তুলনাত বজালীয়ে বিশেষ একো পোৱা নাই বজালীক আৰু পাছ পৰি থাকিব নিদিও এইবাৰ আমি বজালীক উজলাই তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম এইদৰে স্ব অভিমত সদৰী কৰি দাসে কয় শিক্ষা , সংস্কৃতি , সাহিত্য , ক্ৰীড়া সকলোতে আগবঢ়া বজালীত প্ৰতিভাৰ অভাৱ নাই এনে প্ৰেক্ষাপটত বজালীক আগবঢ়াই নিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণেৰে অনাগত দিনত নিৰন্তৰ কাম কৰি যাব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে বজালীত কাৰ্যালয়ৰ বাবে ভূমিৰ সন্ধান আৰু জৰীপ আৰম্ভ কৰিবলৈ উপায়ুক্তক আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে কয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিহেতু বজালীৰ প্ৰতি সদ্ভাৱ আছে তেনেস্হলত কাম কৰাৰ বাবে আমি উৎসাহেৰে অগ্ৰসৰ হব পাৰিম ইয়াৰ পূৰ্বে মন্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ ফালৰ পৰা শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আৰু উপায়ুক্ত গৰাকীয়ে বজালী জিলাৰ প্ৰসঙ্গত পৰিসাংখ্যিক তথ্য ভিত্তিক এক প্ৰতিচ্ছবি মন্ত্ৰী দুগৰাকীক অৱগত কৰে সভাত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰকো জিলা প্ৰশাসনে সম্বৰ্ধনা জনায় জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, অতিৰিক্ত উপায়ুক্ত সকল , দণ্ডাধীশ সকল , চক্ৰ বিষয়া সকলো সভাত উপস্হিত থাকে উল্লেখ্য মন্ৰী দুগৰাকীক শক্তি খণ্ড , পৰ্যটন, আৰু লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় সভাৰ অন্তত মন্ত্ৰীদ্বয়ে প্ৰতিষেধক প্ৰদান কৰা দুটা কেন্দ্ৰও পৰিদৰ্শন কৰে

Post a Comment

0 Comments